ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)
অৱয়ব
"ছিৰাজ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, ছিৰাজ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ছিৰাজ | |
---|---|
পৰিচালক | ভূপেন হাজৰিকা |
চিত্ৰনাট্য | ভূপেন হাজৰিকা |
কাহিনী | লক্ষ্মীধৰ শৰ্মা |
প্ৰযোজক | ৰমন ভাই মেহতা |
অভিনয়ত | নিপন গোস্বামী মৃদুলা বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | কমল নায়ক |
সম্পাদনা | শিৱ ভট্টাচাৰ্য্য |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
১৯৮৮ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ছিৰাজ (ইংৰাজী: Siraj) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। এইখন ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই যুটীয়াভাবে পৰিচালনা কৰা ১৯৪৮-ৰ চলচ্চিত্ৰ ছিৰাজৰ পুনঃনিৰ্মিত সংস্কৰণ। ছিৰাজ (১৯৮৮) প্ৰথম অসমীয়া পুনঃনিৰ্মিত (remake) চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ভূপেন হাজৰিকাই। আৰ.বি. ফিল্মছৰ বেনাৰত নিৰ্মিত ছিৰাজ প্ৰযোজনা কৰিছে ৰমন ভাই মেহতাই। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প ছিৰাজ আৰু ফণীৰ শৰ্মাৰ 'ছিৰাজ'ৰ (১৯৪৮) চিত্ৰনাট্যৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে ভূপেন হাজৰিকাই।[1]
অভিনয়
[সম্পাদনা কৰক]- নিপন গোস্বামী (ছিৰাজ)
- ৰূপক বৰুৱা (কন্দৰ্প)
- মৃদুলা বৰুৱা (ফাটেমা)
- পূৰবী শৰ্মা ভট্টাচাৰ্য (সাবিত্ৰী)
- পৰাগ চলিহা (চাহ খেতিয়ক বৰুৱা)
- সবিতা গোস্বামী
- বিজলী
- ভাইটি কটকী
- টুনিৰাম মিলি
- জিতা বৰুৱা (শিশুশিল্পী)
- জয়দীপ গোল্ডস্মিথ
- জয়শ্ৰী চলিহা
- প্ৰণৱীৰাম বৰুৱা[1]
গীত
[সম্পাদনা কৰক]গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "কঁপি উঠে কিয় তাজমহল সুৰː ভূপেন হাজৰিকা" | ভূপেন হাজৰিকা | সমৰ হাজৰিকা, মণিমা শইকীয়া | |||||||
2. | "কঁপি উঠে কিয় তাজমহল " | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা, লতা মংগেশকাৰ | |||||||
3. | "আৰু নবজাবি বীণ বাটৰুৱা, নবজাবি তোৰ বীণ সুৰː শিৱ ভট্টাচাৰ্য" | শিৱ ভট্টাচাৰ্য | ভূপেন হাজৰিকা, উষা মংগেশকাৰ | |||||||
4. | "হাতে বাঁশি মুখে হাঁসি কদমৰে ডালে বসি (ঝুমুৰ)" | প্ৰচলিত | সমৰ হাজৰিকা, মণিমা শইকীয়া | |||||||
5. | "আল্লাৰ বিনে কেও নাই আৰ (জিকিৰ)" | আজান ফকীৰ | ভূপেন হাজৰিকা | |||||||
6. | "অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সুৰː ভূপেন হাজৰিকা" | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা আৰু সংগীবৃন্দ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Siraj full movie". voot.com. https://www.voot.com/movie/siraj/1128865। আহৰণ কৰা হৈছে: 15 December 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছিৰাজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|