[go: nahoru, domu]

সমললৈ যাওক

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)
সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)
সংৰক্ষণ ৮ (জানুৱাৰী ২০২৩-ডিচেম্বৰ ২০২৩)

আলোকচিত্ৰ প্ৰতিযোগিতা আৰু নৱাগতৰ বাবে প্ৰবন্ধ প্ৰতিযোগিতাৰ আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।

[সম্পাদনা কৰক]

ৱিকিৰ সহায়ক ভিডিঅ' চিৰিজ

[সম্পাদনা কৰক]

অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পত ন-শিকাৰুয়ে কেনেকৈ কাম আৰম্ভ কৰিব পাৰে সেয়া হাতে-কামে দেখুৱাই এলানি ভিডিঅ' কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অসমীয়া ৱিকিৰ ইউটিউব চেনেলত এই ভিডিঅ'সমূহ আপল'ড কৰি থ'লে নতুন শিকাৰুয়ে কাম কৰিবলৈ সুবিধা পাব। এই সম্পৰ্কে মোৰ এগৰাকী অসমীয়া বন্ধু মণীষ শৰ্মাৰ লগত কথা পাতিছোঁ। কৰ্মসূত্ৰে তেওঁ কানাডাৰ এলবাৰ্টা চৰকাৰৰ বাবে এনে শৈক্ষিক ভিডিঅ' প্ৰস্তুত কৰাত সহায় কৰে (Learning and Development Consultant)। অসমীয়া ৱিকিসমাজ আগ্ৰহী হ'লে আমাকো তেওঁ সহায়ক ভিডিঅ'ৰ প্ৰস্তুতিত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। এইবিষয়ত আপোনালোক সকলোৰে মতামত বিচাৰিছোঁ। মোৰ মতে প্ৰতিটো ভিডিঅ' দুইৰ পৰা পাঁচমিনিটৰ ভিতৰত হ'লে ভাল। সম্ভাব্য বিষয় আৰু সমল ব্যক্তিৰ তালিকা এখন দিছোঁ। আগ্ৰহ আৰু প্ৰয়োজন অনুসৰি সালসলনি কৰিব পাৰে-

১) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট খুলিব?: ভাস্কৰ ভূঞা
২) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ সৃষ্টি কৰিব?: দিব্য দত্ত
৩) অসমীয়া ৱিকিউৎসত কেনেকৈ মুক্ত উৎসত উপলভ্য কিতাপ আপল'ড কৰিব?: প্ৰণামিকা অধিকাৰী
৪) অসমীয়া ৱিকিউৎসত কেনেকৈ কিতাপৰ মুদ্ৰণ সংশোধন কৰিব?: ৰুমী বৰা
৫) অসমীয়া ৱিকিউদ্ধৃতিত কেনেকৈ কাম আৰম্ভ কৰিব?: কুলধৰ ৰাভা
৬) অসমীয়া ৱিকিকমন্সত কেনেকৈ ফটো যোগ দিব?: গীতাৰ্থ বৰদলৈ
৭) অসমীয়া ৱিকিৰ ৱিকিপত্ৰিকাত কেনেকৈ সম্পাদনা কৰিব?: নয়নজ্যোতি নাথ
৮) ৱিকিডাটা কি আৰু কেনেকৈ? : বাবুল বৈশ্য
৯) অসমীয়া ৱিকিপিডিয়াত তথ্য উৎস: কি, কিয়, কেনেকৈ?: জোনালী বৰুৱা
১০) অসমীয়া ৱিকিপিডিয়া কি নহয়?: ঈশান জ্যোতি বৰা

-Joli Rumi (বাৰ্তা) 13:25, 20 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছি লীডচ্ কেম্পেইনৰ অধিনত শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ

[সম্পাদনা কৰক]
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে অধিক সেচ্ছাসেৱকক আগ্ৰহী কৰি তুলিবৰ বাবে ৯। ৪। ২০২৪ তাৰিখে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এখনি কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। কৰ্মশালাৰ বাবে সমল ব্যক্তি হিচাপে @— নয়ন জ্যোতি নাথ ৰ নাম প্ৰস্তাৱ কৰিলোঁ। লগতে অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে নিজৰ লগতে @— জ্যোতি চিৰিঙ ৰ নাম প্ৰস্তাৱ কৰিলোঁ। সকলোকে মতামত জনাবৰ বাবে অনুৰোধ জনালোঁ। নীতেশ গীলৰ পৰামৰ্শ অনুসৰি এই কৰ্মশালাখনি She Leads ৰ অধীনত অনুষ্ঠিত কৰা হ'ব। # Rumi Borah~aswiki (বাৰ্তা) 11:51, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱিত কাৰ্য্যসূচী

[সম্পাদনা কৰক]
  1. পুৱা ১১ বজাৰ পৰা ১১:১০ বজালৈ - আৰম্ভণি - জ্যোতি চিৰিং
  2. পুৱা ১১:১০ বজাৰ পৰা ১১:২৫ বজালৈ - সমন্বয়কৰ দু-আষাৰ
  3. পুৱা ১১:২৫ বজাৰ পৰা ১১:৫৫ বজালৈ - ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্পৰ বিষয়ে বক্তব্য (ৱিকি কমন্স, ৱিকিউদ্ধৃতি, ৱিকি উৎস) - ৰুমী বৰা
  4. পুৱা ১১:৫৫ বজাৰ পৰা দুপৰীয়া ১২:২৫ বজালৈ - অসমীয়া মহিলা ৱিকিমিডিয়ানৰ বক্তব্য ( ভিদিঅ' ) লগতে চাহ বিৰতি
  5. দুপৰীয়া ১২:২৫ বজাৰ পৰা ১:১০ বজালৈ - ৱিকিপিডিয়াৰে পৰিচয় আৰু একাউণ্ট সৃষ্টি - নয়ন জ্যোতি নাথ
  6. দুপৰীয়া ১:১০ বজাৰ পৰা ১:৪০ বজালৈ - প্ৰশ্নোত্তৰ শিতান
  7. দুপৰীয়া ১:৪০ বজাৰ পৰা ২:৩০ বজালৈ - আহাৰ বিৰতি
  8. ২:৩০ বজাৰ পৰা ৩:৫০ বজালৈ - হাতে-কামে ৱিকি ( নয়ন জ্যোতি নাথ, জ্যোতি চিৰিং,ৰুমী বৰা )
  9. ৩:৫০ বজাৰ পৰা ৪:০০ বজালৈ - শলাগৰ শৰাই - ৰুমী বৰা


  1. খুব সুন্দৰ পদক্ষেপ। শুভেচ্ছা জনালোঁ। দিব্য দত্ত  (বাৰ্তা) 11:56, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. বঢ়িয়া। শুভেচ্ছা যাচিলোঁ। Pranamikaadhikary (বাৰ্তা) 12:21, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. বঢ়িয়া প্ৰস্তাৱ! শুভকামনা জনাইছোঁ। -Joli Rumi (বাৰ্তা) 12:57, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. অনুষ্ঠানটোৰ সফলতা কামনা কৰিলোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 13:08, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সমৰ্থন আৰু শুভকামনা।JyotiPN (বাৰ্তা) 15:37, 4 April 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  6. নিশ্চয়কৈ সহায় আগবাঢ়ম। -Nayan j Nath (বাৰ্তা) 15:31, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. শুভেচ্ছা থাকিল -  অজয়  কথা-বতৰা 16:04, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. শুভেচ্ছা থাকিল। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:56, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছি লীডচ্ কেম্পেইন:সজাগতা সভা আৰু কৰ্মশালা

[সম্পাদনা কৰক]
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অহা ৩০ এপ্ৰিল, ২০২৪ত নগাঁও মহাবিদ্যালয়ত She Leads Capmpaignৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সেইদিনা অসমীয়া ৱিকিমেডিয়াৰ মহিলা সম্পাদকসকলক সম্ভৱ হ’লে উপস্থিত থাকিবলৈ আহ্বান জনালোঁ। কৰ্মশালাখনিত ৱিকিপিডিয়া, ৱিকিউংস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিবলৈ মনস্থ কৰা হৈছে। সকলো সক্ৰিয় সম্পাদকৰ পৰা দিহা-পৰামৰ্শ বিচৰা হ’ল। (অনুষ্ঠানটিৰ কাৰ্যসূচী নিৰ্দিষ্ট হোৱাৰ পিছত এই জাননীতে সন্নিৱিষ্ট কৰা হ’ব)- Pranamikaadhikary (বাৰ্তা) 12:30, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]
  • পুৱা ৯:১৫ বজাৰ পৰা ১০:০০ বজালৈ -পৰিচয়মূলক ভাষণ।
  • পুৱা ১০:০০ বজাৰ পৰা ১০:১৫ বজালৈ -ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট তৈয়াৰ কৰিব পাৰি।
  • পুৱা ১০:১৫ বজাৰ পৰা ১০:০০ বজালৈ -ৱিকিকমন্সত ফটো কেনেকৈ আপলোড কৰিব।
  • পুৱা ১১:০০ বজাৰ পৰা ১১:১৫ বজালৈ -চাহ-বিৰতি।
  • পুৱা ১১:১৫ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ -ৱিকিউদ্ধৃতিত সম্পাদনা কৰা।
  • দুপৰীয়া ১২:৩০ বজাৰ পৰা ০১:০০ বজালৈ - প্ৰশ্নোত্তৰ
  • দুপৰেয়া ০১:০০ বজাৰ পৰা ০২:০০ বজালৈ -আহাৰ বিৰতি
  • দুপৰীয়া ০২:০০ বজাৰ পৰা ০৪:০০ বজালৈ -দুটা গোটত বিভক্ত, একে সময়তে দুগৰাকী সমল ব্যক্তিৰ দ্বাৰা ৱিকিউৎস আৰু ৱিকিপিডিয়াত সম্পাদনা প্ৰশিক্ষণ।
  • বিয়লি ০৪:০০ বজাৰ পৰা ০৪:৩০ বজালৈ -অংশগ্ৰহণকাৰীসকলৰ পৰা প্ৰশ্ন।
  • সন্ধিয়া ০৪:৩০ বজাত -প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন। (নগাঁও মহাবিদ্যালয়)
  1. বঢ়িয়া প্ৰস্তাৱ! শুভকামনা জনাইছোঁ। -Joli Rumi (বাৰ্তা) 12:57, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. অনুষ্ঠানটোৰ সফলতা কামনা কৰিলোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 13:09, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. আদৰণীয় প্ৰস্তাৱ। শুভেচ্ছা জনালোঁ। Mousumi.Das (বাৰ্তা) 16:16, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. খুব সুন্দৰ পদক্ষেপ। শুভেচ্ছা জনালোঁ। দিব্য দত্ত  (বাৰ্তা) 14:27, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. শুভেচ্ছা থাকিল। -  অজয়  কথা-বতৰা 16:54, 6 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. অনুষ্ঠানটো সফল হোৱাৰ কামনা কৰিলোঁ।BhuyanBhaskar (বাৰ্তা) 10:05, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. অনুষ্ঠানটোত উপস্থিত থাকি সহযোগিতা আগবঢ়াই যাবলৈ চেষ্টা কৰিম। Rumi Borah~aswiki (বাৰ্তা) 13:09, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. আন্তৰিক শুভেচ্ছা! -Nayan j Nath (বাৰ্তা) 15:32, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. শুভেচ্ছা থাকিল। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:56, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. এই জয় যাত্ৰাৰ অংশীদাৰ হবলৈ আমিও যত্ন কৰিম

সক্ৰিয় ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে পদক্ষেপ

[সম্পাদনা কৰক]

পদক্ষেপসমূহ থোৰতে

[সম্পাদনা কৰক]

অসমীয়া ৱিকি সমাজৰ এগৰাকী অক্লান্ত সদস্য চন্দন চিৰিং আৰু নাই! কিন্তু চন্দনৰ সৰলতা, নিষ্ঠা আৰু কৰ্মোদ্যমে আমাক সদায়ে প্ৰেৰণা যোগাই যাব আৰু তেওঁক অসমীয়া ৱিকি সমাজৰ মাজত সদায়ে জীয়াই থাকিব। চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ২৮ এপ্ৰিল, দেওবাৰৰ শোকসভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ হ'ল-

ৱিকিপত্ৰিকাত শ্ৰদ্ধাঞ্জলিসূচক শিতান

[সম্পাদনা কৰক]

মে' ২০২৪ মাহৰ ৱিকিপত্ৰিকাত চন্দন চিৰিঙৰ বাবে এটা শ্ৰদ্ধাঞ্জলিসূচক শিতান ৰখাৰ প্ৰস্তাৱ। তাতে সকলোৱে চন্দনৰ সান্নিধ্য বা কোনো অভিজ্ঞতা, শ্ৰদ্ধাঞ্জলিৰে বাৰ্তা দিব পাৰিব। এই ৱিকিপত্ৰিকা ৫ মে' তাৰিখে মাহিলী ৱিকিসভাত মুকলি কৰা হ'ব।

সমন্বয়ক: দিব্য দত্ত

অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ

[সম্পাদনা কৰক]

চন্দনৰ সকলো লেখা, ৱিকিত অৱদানৰ পৰিসংখ্যা, পদক আৰু ৱিকিপত্ৰিকাৰ শ্ৰদ্ধাঞ্জলিসূচক বাৰ্তাসমূহ যোগ দি এখন অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ। এই স্মৃতিগ্ৰন্থ প্ৰয়োজন অনুসৰি প্ৰিণ্ট কৰিব পৰা যাব। এই স্মৃতিগ্ৰন্থৰ অনলাইন আৰু অফলাইন কপি অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰি।

সমন্বয়ক: ঈশান জ্যোতি বৰা, গীতাৰ্থ বৰদলৈ

চন্দন চিৰিং ফুকন সোঁৱৰণী ভিডিঅ' প্ৰস্তুত

[সম্পাদনা কৰক]

চন্দনৰ লগত জড়িত সকলো ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল লগ লগাই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত। এই সকলো ফাইল এই লিংকত গৈ গুগল ড্ৰাইভত যোগ দিবলৈ অনুৰোধ কৰিছোঁ। এই সংকলিত ভিডিঅ' ৰূপটো অসমীয়া ৱিকিৰ ইউটিউব চেনেল আৰু অন্যান্য সামাজিক মাধ্যমত অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰি।

সমন্বয়ক: জলি ৰুমী বৰা

চন্দন চিৰিং পদক

[সম্পাদনা কৰক]

ৱিকিউদ্ধৃতিত প্ৰতিমাহে সৰ্বোচ্চ সম্পাদনা কৰা সদস্যগৰাকীক 'চন্দন চিৰিং পদক' দিয়াৰ প্ৰস্তাৱ। এই পদকৰ সাঁচটো সাজিবলৈ নয়ন জ্যোতি নাথক অনুৰোধ কৰিছোঁ।

সমন্বয়ক: নয়ন জ্যোতি নাথ

চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস

[সম্পাদনা কৰক]
  • সমন্বয়ক: প্ৰণামিকা অধিকাৰী

চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস সম্পৰ্কীয় হোৱাটছ আপ গোটত হোৱা আলোচনাৰ সাৰাংশ:

ন্যাসৰ সংবিধান
[সম্পাদনা কৰক]

ন্যাসৰ এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব

  • দিব্য দত্ত
  • প্ৰণামিকা অধিকাৰী
বেংক একাউণ্ট
[সম্পাদনা কৰক]

ন্যাসৰ বেংক একাউণ্ট তেজপুৰ নাইবা নগাঁৱত খুলিব লাগিব

পৰিয়ালৰ সদস্য
[সম্পাদনা কৰক]

ন্যাসৰ সাধাৰণ সদস্য হিচাপে চন্দন চিৰিং ফুকনৰ পৰিয়ালৰ এজন বা দুজন ব্যক্তিক ৰখা হ’ব।

কাৰ্যনিৰ্বাহক সমিতি
[সম্পাদনা কৰক]

ন্যাসৰ এখন কাৰ্যনিৰ্বাহক সমিতি তলত উল্লেখ কৰাৰ দৰে গঠন কৰা হওক:

  • সভাপতি -
    • প্ৰণামিকা অধিকাৰী
  • সম্পাদক -
    • নয়ন জ্যোতি নাথ
  • সহঃ সম্পাদক -
    • দিব্য দত্ত
  • হিচাপ পৰীক্ষক -
    • ঈশান জ্যোতি বৰা
    • গীতাৰ্থ বৰদলৈ
  • কাৰ্যকৰী সদস্য -
    • ভাস্কৰ ভূঞা
    • জলি ৰুমী বৰা
    • জোনালী বৰুৱা
    • ৰুমী বৰা
    • চাণক্য কুমাৰ দাস
    • কূলধৰ ৰাভা
    • প্ৰিয়াংকুশ ডেকা
    • অনামিকা বড়া

চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা

[সম্পাদনা কৰক]

বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান এজনক ‘চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা দিয়াৰ প্ৰস্তাৱ। এই বঁটাৰ সৈতে মানপত্ৰ, কিতাপৰ টোপোলা আদি অন্যান্য সামগ্ৰী থাকিব। তাৰ বাবে প্ৰয়োজনীয় খা-খৰচৰ বাবে আগ্ৰহী যিকোনো ৱিকিমিডিয়ানে সহায় কৰিব পাৰিব। এই পদক প্ৰতিবছৰে ৱিকিউদ্ধৃতিৰ জন্মদিন ৪ জানুৱাৰী তাৰিখে দিয়াৰ কথা ভবা হৈছে।

সমন্বয়ক: ভাস্কৰ ভূঞা, অনামিকা বড়া
২০২৪ চনৰ পুৰস্কাৰ:
নগদ ধন: নয়ন জ্যোতি নাথ (৫০০১/- টকা)
কিতাপৰ টোপোলা:প্ৰিয়াংকুশ ডেকা আৰু অনামিকা বড়া
মানপত্ৰ: ভাস্কৰ ভূঞা

চন্দন চিৰিং ফুকন সোঁৱৰণী সম্পাদনা মেলা

[সম্পাদনা কৰক]

ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ উদেশ্যে ১ মে'ৰ পৰা ৩১ মে' লৈ দ্বিতীয় এখন চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা আয়োজন কৰাৰ প্ৰস্তাৱ দিছোঁ। এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব পৰা হ'ব।

সমন্বয়ক: কুলধৰ ৰাভা, উদ্ধৃতি পৰীক্ষক: দিব্য দত্ত, চাণক্য কুমাৰ দাস
পুৰস্কাৰ: জলি ৰুমী বৰা; মানপত্ৰ:...
  1. সমৰ্থন জনালোঁ।দিব্য দত্ত  (বাৰ্তা) 15:39, 28 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন। Psneog (বাৰ্তা) 20:32, 28 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন জনালোঁ।Rumi Borah~aswiki (বাৰ্তা) 02:21, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. সমৰ্থন জনালোঁ।Jyoti Chiring (বাৰ্তা) 02:28, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থন - 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:53, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - KHI-LAN-TZI
  7.  সমৰ্থনচাণক্য (বাৰ্তা) 13:43, 29 April 2024 (সুন্দৰ পদক্ষেপ)
  8.  সমৰ্থনBhuyanBhaskar (বাৰ্তা) 17:00, 1 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - Pranamikaadhikary (বাৰ্তা) 18:22, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10.  সমৰ্থন -Rajdweep nlb (বাৰ্তা) 06:14, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11.  সমৰ্থন — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 09:29, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা

[সম্পাদনা কৰক]

নিয়মাৱলী

[সম্পাদনা কৰক]
  • বঁটাত থাকিব এখন মানপত্ৰ, এটা ট্ৰফী আৰু কিতাপৰ টোপোলা। লগতে ইচ্ছুক ৱিকিমিডিয়ানে নিজে ঘোষণা কৰি নগদ ধন আগবঢ়াব পাৰিব।
  • বঁটাটো প্ৰতিবছৰে ৪ জানুৱাৰীত ঘোষণা কৰা হ'ব।
  • অসমীয়া ৱিকিৰ যিকোনো প্ৰকল্পত সক্ৰিয় হোৱা সদস্যসকলৰ মাজৰ পৰা এজন নিৰ্বাচিত কৰা হ'ব।
    • বছৰটোত অসমীয়া ৱিকিপিডিয়াত অতি কমেও ৫০টা প্ৰবন্ধ সৃষ্টি কৰিব লাগিব। এটা প্ৰবন্ধত সন্নিৱিষ্ট ন্যূনতম শব্দ ৩০০।
    • অসমীয়া ৱিকিউদ্ধৃতিত বছৰটোত ন্যূনতম ৩০টা পৃষ্ঠা সৃষ্টি কৰিব লাগিব আৰু প্ৰতিটো পৃষ্ঠাত কমেও ৫টা উদ্ধৃতি থাকিব লাগিব নাইবা পুৰণি পৃষ্ঠাসমূহত কমেও ১৫০টা উদ্ধৃতি জমা কৰিব লাগিব।
    • অসমীয়া ৱিকিউৎসত ন্যূনতম ১০০০ পৃষ্ঠা মুদ্ৰণ সংশোধন অথবা বৈধকৰণ কৰিব লাগিব।
  • তিনিওটা প্ৰকল্পৰ চৰ্তসমূহৰ ভিতৰত যিকোনো এটা পূৰ হ’লে যোগ্য বিবেচিত হ’ব।
  • কোনো এটা প্ৰকল্পত সৰ্বোচ্চ সম্পাদনা কৰা দুজন বা ততোধিক হ'লে আন দুটা প্ৰকল্পৰ যিকোনো এটাত সক্ৰিয়তাৰ ভিত্তিত বিজয়ী নিৰ্ণয় কৰা হ'ব।
  • কোনো বৰ্ষত কোনো ৱিকিমিডিয়ান যোগ্য বিবেচিত নহ’লে বঁটা বাতিল কৰা হ’ব।
  • এবাৰ বঁটা লাভ কৰাজন দ্বিতীয়বাৰৰ বাবে বিবেচিত নহ'ব।
  • এই বঁটা ২০২৪ চনৰ পৰা আৰম্ভ কৰি তিনিবছৰলৈকে দিয়া হ'ব। তিনিবছৰৰ পাছত শেষৰ বছৰটোত বঁটাটো পুনৰ অনাগত তিনিবছৰলৈ বাহাল কৰিবলৈ সমকালীন সক্ৰিয় সদস্যসকলৰ সন্মতিত ৰাইজৰ চৰাত প্ৰস্তাৱ গৃহীত হ'ব লাগিব।
  • বঁটা সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ দায়িত্ব চন্দন চিৰিং ফুকন সোঁৱৰণী ন্যাসৰ ওপৰত ন্যস্ত থাকিব।
  • আয়োজকসকল/বঁটা প্ৰদান সমিতি এই বঁটাৰ বাবে বিবেচিত নহ'ব।

আয়োজক সমিতি (অস্থায়ী)

[সম্পাদনা কৰক]

(আৰম্ভণি পৰ্যায়ত আয়োজক সমিতিত আছে বঁটাৰ বৰঙণি দিয়াসকল, বিচাৰক/পৰ্যবেক্ষক, অন্য কেইজনমান সদস্য, প্ৰশাসকসকল। ইয়াৰ বাহিৰে বঁটা ল'বলৈ অনিচ্ছুক হ'লে ২০১৯ চনৰ পূৰ্বৰ পৰা সক্ৰিয় ৱিকিমিডিয়ানে তলত নিজৰ নাম আৰু চহী প্ৰদান কৰিব পাৰে। )

ক্ৰমিক নং আয়োজক সমিতিৰ সদস্যৰ নাম চহী
নয়ন জ্যোতি নাথ Nayan j Nath (বাৰ্তা) 15:43, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
দিব্য দত্ত দিব্য দত্ত  (বাৰ্তা) 08:16, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰণামিকা অধিকাৰী
জলী ৰুমী বৰা
অনামিকা বড়া অনামিকা(চুমু) বড়া (বাৰ্তা) 07:59, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চাণক্য কুমাৰ দাস চাণক্য (বাৰ্তা) 08:18, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কুলধৰ ৰাভা 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 08:15, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাস্কৰ ভূঞা BhuyanBhaskar (বাৰ্তা) 07:24, 19 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰিয়াংকুশ ডেকা Priyankush Deka (বাৰ্তা) 08:32, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিৰ জন্মদিন উদযাপন আৰু চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ উন্মোচন

[সম্পাদনা কৰক]

মে' মাহৰ অনলাইন ৱিকি মিটৰ সিদ্ধান্ত মৰ্মে "অসমীয়া ৱিকিৰ জন্মদিন তথা চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ উন্মোচন" ২০২৪ চনৰ ২ জুন তাৰিখে তেজপুৰৰ অগ্নিগড় উদ্যানত অনুষ্ঠিত কৰাৰ মনস্থ কৰা হৈছে। ইয়াত সমন্বয়ক হিচাপে কোনে কোনে দায়িত্ব গ্ৰহণ কৰিব আৰু কেনেদৰে আয়োজন কৰা হ'ব সেই বিষয়ে সকলো ৱিকিমিডিয়ানৰ পৰা দিহা পৰামৰ্শ বিচৰা হ'ল। Rumi Borah~aswiki (বাৰ্তা) 18:02, 6 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উপস্থিত থাকিম

[সম্পাদনা কৰক]
  1. Pranamikaadhikary (বাৰ্তা) 18:08, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিব পাৰিম বুলি আশা কৰিছোঁ। BhuyanBhaskar (বাৰ্তা) 05:25, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 23:30, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. বিষ্ণু শইকীয়া 11:37, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. উপস্থিত থাকিম বুলি ভাবিছোঁ। Rumi Borah~aswiki (বাৰ্তা) 14:31, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উপস্থিত থকাৰ চেষ্টা কৰিম

[সম্পাদনা কৰক]
  1. সমৰ্থন। BhuyanBhaskar (বাৰ্তা) 06:19, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) 06:58, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 07:40, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. বাবুল বৈশ্য (বাৰ্তা) 08:07, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 09:27, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন- Joli Rumi (বাৰ্তা) 12:24, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7.  সমৰ্থনচাণক্য (বাৰ্তা) 14:53, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.  সমৰ্থন -Pranamikaadhikary (বাৰ্তা) 18:13, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - দিব্য দত্ত  (বাৰ্তা) 01:52, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]
  1. ই-বুকখনৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছোঁ। অৱশ্যে মূল অনুষ্ঠানৰ দিনা উপস্থিত থকাৰ সম্ভাৱনা কম। ঈশান জ্যোতি বৰা (বাৰ্তা) 07:40, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিব নোৱাৰিম যদিও দূৰৈৰ পৰাই যি পাৰোঁ সহায়-সহযোগিতা কৰিবলৈ প্ৰস্তুত। -Joli Rumi (বাৰ্তা) 12:25, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. তেজপুৰৰ পৰা কিছু দূৰৈত থকাসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটি দুপৰীয়া সময়ত দুই-তিনিঘণ্টাৰ ভিতৰতে কৰা ভাল যেন লাগিছে। নগাঁৱৰ পৰা যিমান পাৰোঁ সহযোগিতা আগবঢ়াম। - Pranamikaadhikary (বাৰ্তা) 18:10, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. উপস্থিত থাকিব নোৱাৰিম। দিব্য দত্ত  (বাৰ্তা) 01:53, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. স্থানীয় ব্যক্তি হিচাপে এই সভাত উপস্থিত থকাৰ লগতে যথাসম্ভৱ সহায় কৰিব প্ৰয়াস কৰিব। লগতে মোৰ বাবে নিৰ্দিষ্ট কোনো কৰনীয় থাকিলে নিসংকোচে জনায় যেন। বিষ্ণু শইকীয়া 11:41, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আহোম বুৰঞ্জী সম্পৰ্কীয় প্ৰবন্ধসমূহৰ সম্পাদনা

[সম্পাদনা কৰক]

শেহতীয়াকৈ আহোম বুৰঞ্জী (ৰাজ্য, ৰাজবংশ, কীৰ্তিচিহ্ন আদি) সম্পৰ্কীয় প্ৰবন্ধসমূহত গুৰুতৰ সালসলনি পৰিলক্ষিত হৈছে। প্ৰবন্ধসমূহৰ সম্পাদনা সম্পৰ্কীয় বিবাদ নীৰসন কৰিবলৈ কেইটামান প্ৰস্তাৱ দিব খুজিছোঁ।

  1. প্ৰবন্ধসমূহৰ শিৰোনাম প্ৰচলিত অসমীয়া নামেৰে হ'ব লাগিব। আহোম নামসমূহ মূলৰ ওচৰচপা হ’লেও সেইসমূহ প্ৰচলিত (common) বা সহজবোধগম্য নহ'ব পাৰে। আহোম নাম যেনে -"চ্যু-হ্যুণ-মু'ঙ" আদি বন্ধনীৰ ভিতৰত থাকিব পাৰে।
  2. আৰম্ভণিৰ অংশবোৰত আহোম লিপি আৰু অসমীয়া লিপিৰে "মৌঙ ডুন চোন খাম" লিখাৰ প্ৰয়োজন নাই। প্ৰচলিত গ্ৰন্থ বা আন উৎসত তেনেকৈ পৰিচয় দিয়া নহয়।
  3. প্ৰবন্ধবোৰ বিৱৰণ অংশবোৰত অপৰিহাৰ্য্য আহোম শব্দসমূহ বুজি পোৱাকৈ বন্ধনীত যিমান পাৰি অসমীয়া অৰ্থ থকা উচিত বা শব্দবোৰ মূল প্ৰবন্ধলৈ সংযোগ কৰা উচিত।
  4. তথ্যসূত্ৰৰ ক্ষেত্ৰত "প্ৰাথমিক উৎস" পৰিহাৰ সলনি গৌণ বা তৃতীয় শ্ৰেণীৰ উৎস ব্যৱহাৰ কৰা উচিত। উৎসবোৰত বিষয়বস্তুৰ সম্যক আলোচনা থকা উচিত; বিষয়বস্তু সম্পৰ্কে কেৱল এটা শব্দ বা এটা শাৰী উল্লেখ থকা উৎস গ্ৰহণীয় নহয়।

এই ক্ষেত্ৰত সকলোৰে মতামত কামনা কৰিলোঁ। আৰু কিবা থাকিলে যোগ দিব পাৰে। ৰাইজ সন্মত হ'লে এইসমূহ প্ৰবন্ধৰ সম্পাদনাৰ বাবে ২৪ আগষ্টৰ পৰা এসপ্তাহ সময় প্ৰস্তাৱ কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:45, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1. সমৰ্থন। দিব্য দত্ত  (বাৰ্তা) 11:58, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন। -Nayan j Nath (বাৰ্তা) 13:01, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন। - Pranamikaadhikary (বাৰ্তা) 13:10, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. সমৰ্থন। — চাণক্য (বাৰ্তা) 02:57, 18 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থন-  অজয়  কথা-বতৰা 04:13, 18 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন-Joli Rumi (বাৰ্তা) 22:31, 18 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7.  সমৰ্থন বাবুল বৈশ্য (বাৰ্তা) 04:40, 19 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  1. প্ৰচলিত অসমীয়া নাম:  সমৰ্থন আছে পিছে "চ্যু-হ্যুণ-মু'ঙ" টাই উচ্চাৰণৰ নহয়, অসমত আজিকালি শিক্ষা অনুষ্ঠান, বা অইন ক্ষেত্ৰত চ্যু অধিক প্ৰচলিত হৈছে বাবেহে সলনি কৰা হৈছিল। টাই উচ্চাৰণ Hso (𑜏𑜢𑜤𑜰𑜫) হয়। আৰম্ভণিৰ অংশবোৰত আহোম লিপি: WP:UEIAৰ নিৰ্দেশনাৱলী অনুসৰি প্ৰথম অংশত থলুৱা ভাষা (Native language) ব্যৱহাৰ কৰিব পাৰে আৰু সেয়েহে ব্যৱহাৰ কৰা হৈছিল। বাৰে বাৰে ব্যৱহাৰ হোৱাৰ অংশত আঁতৰাব পাৰি কিন্তু প্ৰথম ব্যৱহাৰৰ অনুমতি আছে।বন্ধনীত যিমান পাৰি অসমীয়া অৰ্থ:  সমৰ্থন আছে লিখি যাব পাৰি। কিন্তু প্ৰথম ব্যৱহাৰত থলুৱা লিপিত লিখিব লাগে। "প্ৰাথমিক উৎস" পৰিহাৰ: পৰাপক্ষত গৌণ বা তৃতীয় শ্ৰেণীৰ উৎস ব্যৱহাৰ কৰা উচিত পিছে যদি নাথাকে প্ৰাথমিক উৎস ব্যৱহাৰ কৰাৰ বাহিৰে উপাই নাথাকে। WP:PRIMARY Primary sources that have been reputably published may be used in Wikipedia, but only with care, because it is easy to misuse them. গতিকে গোলাপ চন্দ্ৰ বৰুৱাৰ বুৰঞ্জী ব্যৱহাৰত বাধা থাকিব নালাগে যদিহে গৌণ বা তৃতীয় শ্ৰেণীৰ উৎস থাকে তেতিয়া সেয়া অধিক নিৰ্ভৰযোগ্য হব। KHI-LAN-TZI
যিবোৰ বুৰঞ্জী আহোম ৰাজবংশৰ পৃষ্ঠপোষকতাত লিখা হোৱা নাছিল, সেইবোৰ প্ৰাথমিক উৎস নহয়। সেইবোৰ নিসন্দেহে ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয়তে অসমৰ থলুৱা ভাষা টাই নহয়, অসমীয়াহে। আৰু "চ্যু-হ্যুণ-মু'ঙ" আদি কি উচ্চাৰণ নাজানোঁ, কিন্তু এয়া অসমীয়া উচ্চাৰণ নহয়। অতীজতে হয়তো আহোমসকলে এনে শব্দ ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া কিছুলোকে এই শব্দবোৰ প্ৰচলনৰ চেষ্টাহে কৰি আছে। গতিকে থলুৱা শব্দ বুলি "চ্যু-হ্যুণ-মু'ঙ"ৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ মই পক্ষপাতী নহয়। আৰু তৃতীয়তে “অধিক ব্যৱহাৰ হোৱা শব্দ” মানে বিভিন্ন ৱেবছাইট, কিতাপ আদি ব্যৱহাৰ হোৱা শব্দৰ সংখ্যা গণনা কৰা নহয়। যিকোনো শব্দৰ বহু প্ৰতিশব্দ থাকে তাৰে কোনটো শব্দৰ সৈতে সমাজৰ ব্যক্তিসকল অভ্যস্ত বা কোনটো শব্দ সহজে বোধগম্য সেইটোকহে বুজুৱা হয়। দিব্য দত্ত (বাৰ্তা) 03:49, 30 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মই তেওঁৰ বক্তব্য আহোম নাম যেনে -"চ্যু-হ্যুণ-মু'ঙ" শুধৰাই দিছিলোঁ। তেওঁ কোৱাৰ দৰে Syu-Hung-Mueng থলুৱা উচ্চাৰণ নহয় আহোম উচ্চাৰণ Hso-Hoom-Mueng (𑜏𑜢𑜤𑜰𑜫 𑜑𑜪𑜥 𑜉𑜢𑜤𑜂𑜫) হয়। বাকী ৰাইজে চ্যু-কা-ফা উচ্চাৰণ কৰ পৰা লৈছে মই নাজানো কিন্তু যদিহে ব্যৱহাৰ হৈছে পৃষ্ঠা নাম তেনেকৈ ৰখাই ভাল। KHI-LAN-TZI

Wiki Loves Documentation – Assam Chapter

[সম্পাদনা কৰক]

২০২৩ চনত Wiki Loves Manuscript বুলি তিনিমহীয়া অনলাইন কৰ্মশালা এখন অনুষ্ঠিত কৰিছিল। তাত পৃথিৱীৰ বিভিন্ন ভাষাৰ Manuscript সংৰক্ষণৰ কথা আলোচনা চলিছিল। তেতিয়া মোৰ মনলৈ অসমৰ সাঁচিপাতৰ সংৰক্ষণৰ কথা মনলৈ আহিল। লগতে, যোৱা কেইবছৰমানৰ পৰা GLAM-WIKI সম্বন্ধীয় কিবা প্ৰকল্প আৰম্ভ কৰাৰ ভাবি আছিলোঁ। এই সম্পৰ্কত মোৰ অভিজ্ঞতা আৰু পৰিকল্পানাৰ বিষয়ে ৱিকিৰ ব্লগত মোৰ এটা লেখা প্ৰকাশ পাইছিল। (লিংক) ইয়াৰ আধাৰতে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত, শৈলেশ পাটনায়কৰ লগত এই বিষয়ত গুগুল-মিটত আলোচনা কৰিলোঁ। এই অলোচনা চক্ৰত মোৰ লগতে নয়ন জ্যোতি নাথ, প্ৰণামিকা অধিকাৰী, আৰু ভাস্কৰ ভূঞা উপস্থিত আছিল। এই আলোচনাৰ আধাৰতে ব্যক্তিগত সংগ্ৰহত ৰখা অসমৰ সাঁচি পাতৰ পুথিসমূহ নথিভূক্ত কৰাৰ চিন্তা-চৰ্চা কৰা হয়, য'ত বৈজ্ঞানিক সংৰক্ষণ পদ্ধতিৰ অভাৱ আছে। কিছুমান ক্ষেত্ৰত, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই সংগ্ৰহবোৰ হেৰুৱাই পেলোৱা হৈছে। ইয়াৰ উপৰিও, মই তিতাবৰ স্থিত বৌদ্ধ বিহাৰ ভ্ৰমণ কৰোঁতে জানিবলৈ পাইছিলোঁ যে পুৰণি নথিপত্ৰবোৰত ব্যৱহৃত পৰম্পৰাগত লিপিৰ সৈতে বৰ্তমান প্ৰজন্মৰ লোক প্ৰায়ে অপৰিচিত। এই পৰিস্থিতিয়ে অসমৰ অনন্য সংস্কৃতি, ইতিহাস আৰু বিবিধ দৃষ্টিভংগীৰ বিষয়ে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰি অনলাইন জ্ঞান বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰতিনিধিত্ব কৰে।

সেয়ে, আমি "Wiki Loves Documentation – Assam Chapter" নামৰ প্ৰকল্পটো আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ বাবে, আমি ভিডিঅ', অডিঅ' ৰেকৰ্ডিং আৰু লিখিত প্ৰবন্ধ আদিৰ যুগুত কৰাৰ পৰিকল্পনা কৰিছো, যিয়ে বিভিন্ন ৱিকি প্ৰকল্পসমূহত অৱদান আগবঢ়াব। ই অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু ৱিকিমিডিয়া প্ৰকল্পৰ মাজৰ ব্যৱধান দূৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত এটা পাইলট প্ৰকল্প আৰম্ভ কৰাৰ কথা ভাবিছোঁ। এই পাইলট প্ৰকল্পটোৰ উদ্দেশ্য হৈছে চাৰিটা গুৰুত্বপূৰ্ণ স্থানৰ ওপৰত গুৰুত্ব দি আমাৰ নথিপত্ৰৰ দৃষ্টিভংগী পৰীক্ষা আৰু পৰিষ্কাৰ কৰা: অনিমেষ বৰা (যোৰহাট জিলা), নয়ন জ্যোতি নাথ আৰু ৰুমি বৰা (লখিমপুৰ জিলা), প্ৰণামিকা অধিকাৰী (নগাঁও জিলা) আৰু ভাস্কৰ ভূঞা (তেজপুৰ)। প্ৰতিজন সদস্য/ সদস্যাই তেওঁলোকৰ স্থানীয় ক্ষেত্ৰ সমূহৰ পৰা নথিভুক্ত কৰাৰ পৰিকল্পনা কৰিছোঁ। এই পৰ্যায়ত সন্মুখীন হোৱা অসুবিধাবোৰ মূল্যাঙ্কন কৰি, সম্পদ সংৰক্ষণ, সহযোগিতা সম্পৰ্কীয় বিষয়সহ আমি আমাৰ পদ্ধতি সমূহ কৰাৰ নিৰ্ধাৰণ কৰাৰ লক্ষ্য ৰাখিছোঁ।

এই পাইলট প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, অসমৰ বিভিন্ন স্থানলৈ এই প্ৰকল্পটো সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ বাবে, ভৱিষ্যতে বিভিন্ন অঞ্চলৰ পৰা স্বেচ্ছাসেৱকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব বিচাৰোঁ। এই পাইলট প্ৰকল্পটোৰ সফলতা নিশ্চিত কৰিবলৈ আমি আপোনাৰ মতামত আৰু সমৰ্থন বিচাৰোঁ। সদ্যহতে, প্ৰকল্পটো “সৰাপাত” নামেৰে নামাংকন কৰিছোঁ। লগতে, এই প্ৰকল্পটোৰ নামকৰণৰ কাৰণেও আপোনালোকৰ পৰা মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ।

- Ani ttbr (বাৰ্তা) 11:11, 18 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া ৱিকি পৰিয়ালৰ ইউজাৰ গ্ৰুপ

[সম্পাদনা কৰক]

বিভিন্ন সময়ত এটা গোট হিচাপে দলীয় কামবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা "ইউজাৰ গ্ৰুপ" খোলাৰ প্ৰয়োজনবোধ কৰি ইয়াৰ বাবে মেটা ৱিকিত আৱেদন আগবঢ়োৱা হৈছে। গোটৰ নাম "Assamese Wikimedia Community", গোটৰ প্ৰতীক হিচাপে সদস্য দিব্য দত্তই সাজি উলিওৱা এই প্ৰতীকটো ব্যৱহাৰ কৰাৰ লগতে গোটৰ দলপতি হিচাপে সদস্য জলি ৰুমী বৰা, গীতাৰ্থ বৰদলৈ আৰু নয়ন জ্যোতি নাথক নিৰ্বাচন কৰা হৈছে। এই সম্পৰ্কত সদস্য সকলৰ সমৰ্থন আৰু মতামত আশা কৰা হৈছে।

  1.  সমৰ্থনচাণক্য (বাৰ্তা) 04:48, 22 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন- ঈশান জ্যোতি বৰা (বাৰ্তা) 04:55, 22 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন - সদস্য:হানিফ আলী (বাৰ্তা) 11:35, 22 August 2024 (ইউ. টি. চি.)
  4.  সমৰ্থন - KHI-LAN-TZI
  5.  সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) 12:47, 22 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - Pranamikaadhikary (বাৰ্তা) 17:36, 22 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7.  সমৰ্থন। লগতে নেতৃত্ব ল'বলৈ উৎসাহ আৰু সমৰ্থন যোগোৱা সকলোকে ধন্যবাদ। সাধ্য়ানুসৰি কৰি যাম।- Joli Rumi (বাৰ্তা) 14:06, 25 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.  সমৰ্থন- অজয়  কথা-বতৰা 14:57, 25 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - --JonaliB (বাৰ্তা) 18:49, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য

[সম্পাদনা কৰক]

অসমীয়া ৱিকিত মেণ্টৰশ্বিপ

[সম্পাদনা কৰক]

অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পত সক্ৰিয় সদস্যৰ সংখ্যা এতিয়াও তেনেই সীমিত। এই উদেশ্যে অনুষ্ঠিত কৰি অহা কৰ্মশালা বা প্ৰতিযোগিতাসমূহে নতুন সদস্যক আগ্ৰহী কৰাত সহায় কৰিছে যদিও উদ্যমেৰে অৱদান আগবঢ়াই অহা সক্ৰিয় সদস্যৰ সংখ্যাত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। মোৰ ধাৰণা, ইয়াৰ মূল কাৰণ তিনিটা-
১) আৰ্থিক লাভ বা নাম নোহোৱাকৈ অসমীয়া ভাষাৰ হকে হাতে-কামে অৱদান আগবঢ়োৱাত বেছিভাগ অসমীয়াৰে ইচ্ছা বা আগ্ৰহ নাই।
২) অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্প আৰু অসমীয়া ভাষাত বাবে এই প্ৰকল্পসমূহৰ গুৰুত্বৰ বিষয়ে বহুতে এতিয়াও ভালদৰে গম নাপায়।
৩) অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ সময়-সুবিধা নহয়গৈ।

প্ৰথমটো কাৰণ দূৰ কৰিবলৈ আমি কৰিব পৰা বিশেষ কিবা আছে বুলি নাভাৱো। দ্বিতীয়টো নিৰাময়ৰ বাবে যথাসম্ভৱ ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি যোৱাৰ দৰকাৰ। সেই চেষ্টা অব্যাহত আছে আৰু আগলৈও থাকিব বুলি আশাবাদী। তৃতীয় কাৰণটো দূৰ কৰিবলৈ আমি ইতিমধ্যে কৰা প্ৰচেষ্টাৰ লগতে এটা প্ৰস্তাৱ যোগ দিব খুজিছোঁ। নতুন আৰু আগ্ৰহী সদস্যসকলে প্ৰয়োজন অনুসৰি নিসংকোচে দৰকাৰী কথাবোৰ সুধি-বুজি ল'বলৈ আমি এটা মেণ্টৰশ্বিপ আঁচনি ল'ব পাৰি নেকি? এই আঁচনিৰ অধীনত আগ্ৰহী সক্ৰিয় সদস্যই নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব। এনে প্ৰচেষ্টা ব্যক্তিগত উদ্যোগত ইতিমধ্যে হৈ আছে আৰু এই প্ৰক্ৰিয়াৰ সুফলো আমি দেখা পাইছোঁ। সেয়ে প্ৰক্ৰিয়াটো কিছু পৰিকল্পনাৰে এটা প্ৰণালীবদ্ধ আৰু দলীয় ৰূপ দি মেণ্টৰশ্বিপ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ। এইসম্পৰ্কে মোৰ মনলৈ অহা কথাখিনি-
(ক) মেণ্টৰশ্বিপৰ এটা সময়সীমা (তিনিমাহ বা ছমাহ) বান্ধি দিয়া হ'ব যাতে এই প্ৰক্ৰিয়াৰ শেষত সক্ৰিয়তা বা আঁচনিৰ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব পৰা যায়।
(খ) মেণ্টৰশ্বিপৰ বাবে আগ্ৰহী সক্ৰিয় সদস্যই যিকোনো ৱিকি প্ৰকল্পতে মেণ্টৰৰূপে অংশ ল'ব পাৰিব।
(গ) মেণ্টৰসকলে নিজে দুগৰাকী (এগৰাকী?) নতুন সদস্যক সহায় কৰিবলৈ বাচি ল'ব পাৰে বা ৱিকিৰ চ'চিয়েল মিডিয়াৰ গোটৰ পৰাও আহ্বান জনাই আগ্ৰহী সদস্য বিচাৰিব পৰা যায়।
(ঘ) আঁচনিৰ আৰম্ভণি আৰু সামৰণিত একোখন ৱিকিসভা আহবান কৰি সকলো নতুন সদস্যৰ আদৰণি, প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰু সামৰণি (অৱদানৰ স্বীকৃতি আৰু সক্ৰিয়তা অব্যাহত ৰখাৰ পৰিকল্পনা)ৰ ব্যৱস্থা কৰিব পাৰি।
(ঙ) মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱাত প্ৰতিগৰাকী মেণ্টৰে নতুন সদস্যসকলৰ সৈতে প্ৰতিমাহে কমেও এবাৰকৈ হ'লেও অনলাইন আৰু অফলাইন লগ হৈ ৱিকিত কাম কৰিবলৈ সহায়-দিহা-পৰামৰ্শ আগবঢ়াব।

এইসম্পৰ্কে সকলোৰে মতামত আশা কৰিছোঁ। -Joli Rumi (বাৰ্তা) 22:22, 28 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1.  সমৰ্থনঈশান জ্যোতি বৰা (বাৰ্তা) 23:59, 28 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থনচাণক্য (বাৰ্তা) 01:11, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থনদিব্য দত্ত (বাৰ্তা) 03:35, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.  সমৰ্থনNayan j Nath (বাৰ্তা) 04:32, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থন -Pranamikaadhikary (বাৰ্তা) 15:02, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - --JonaliB (বাৰ্তা) 18:47, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য

[সম্পাদনা কৰক]
  1. সময়োপযোগী চিন্তা। মেণ্টৰশ্বিপৰ এখন বিস্তৃত আৰু পৰ্যায়ক্ৰমিক কৰ্মসূচী প্ৰস্তুত কৰিব লাগিব। অৰ্থাৎ কিদৰে শিকাৰুসকলক মেণ্টৰ কৰিব পাৰি। ঈশান জ্যোতি বৰা (বাৰ্তা) 23:59, 28 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. এইটোৱো এটা বৃহৎ পৰিসৰৰ সিদ্ধান্ত, যিটো এটা প্ৰকল্পৰ দৰে কৰিব পাৰি। গতিকে এটা প্ৰকল্প পৃষ্ঠা তৈয়াৰ কৰি কামটো আগবঢ়ালে পিছত মেটা ৱিকিত আপডে’ট কৰিব পৰা যাব। -Nayan j Nath (বাৰ্তা) 04:32, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. মই সম্পূৰ্ণ একমত। নিজেই ৱিকি শিকিবলে সঁচাকৈয়ে বিৰক্তিকৰ আৰু জঞ্জাল যেন লাগে। কেতিয়াবা আপুনি আপোনাৰ ১০০০টা সম্পাদনাৰ পিছত নতুন কিবা ফিচাৰ বিচাৰি পাই, গতিকে নতুন সম্পাদকসকলক এজন বিশেষজ্ঞৰ দ্বাৰা শিকোৱাটো এটা ভাল পদক্ষেপ হ'ব।KHI-LAN-TZI

মেণ্টৰশ্বিপৰ কৰ্মসূচী

[সম্পাদনা কৰক]

মেণ্টৰশ্বিপৰ কৰ্মসূচী এখন প্ৰস্তুত কৰিছোঁ। ৰাইজে সংযোজন/বিয়োজন কৰিব। বন্ধনীৰ ভিতৰত দিয়া দিনবোৰৰ দ্বাৰা 'অতিকমেও' বুজোৱা হৈছে।

(১) সদস্য বাছনি (২) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ আভাষ

  • ৱিকিপিডিয়াৰ বিস্তৃত পৰিচয়-২ দিন
  • ৱিকিপিডিয়াত সদস্যৰ পৃষ্ঠা সৃষ্টি, নতুন প্ৰবন্ধ সৃষ্টি, সম্পাদনা ইত্যাদি-৭ দিন
  • ৱিকিপিডিয়াত ফটো সংযোজন-১ দিন
  • আন ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংশোধন, শ্ৰেণীকৰণ-২ দিন
  • ইংৰাজী ৱিকিপিডিয়াৰ পৰিচয় -১ দিন
  • ইংৰাজী ৱিকিপিডিয়াৰ পৰা প্ৰবন্ধ অনুবাদ আৰু অনুবাদৰ ভিন্ন কৌশল/পদ্ধতি-৩ দিন

(৩) ৱিকিউৎসৰ বিস্তৃত পৰিচয়-২ দিন

  • মুদ্ৰণ সংশোধন, বৈধকৰণ, -৫ দিন
  • সূচী তৈয়াৰ, পেইজ ইনডেক্সিং, মূল নামপৃষ্ঠাত প্ৰকাশ-৩ দিন
  • কপিৰাইট, অটিআৰএছ-২ দিন
  • কিতাপ আপলোডৰ এটা demo-১ দিন
  • অভাৰফ্লোট, ক্ৰপ টুলৰ পৰিচয়-২ দিন

(৪) ৱিকিকমন্সৰ পৰিচয়-১ দিন

  • ফটো আপলোড-২ দিন
  • নিজে আপলোড কৰা ফটো ৱিকিপ্ৰকল্পত সংযোজন-২ দিন

(৫) ৱিকিউদ্ধৃতিৰ পৰিচয়-২ দিন

  • পৃষ্ঠা সৃষ্টি -২ দিন
  • অনূদিত উদ্ধৃতিৰে পৃষ্ঠা -২ দিন
  • অইন পৃষ্ঠাৰ সংশোধন, শ্ৰেণীকৰণ-১ দিন

(৬) ৱিকিডাটাৰ পৰিচয়-২ দিন

  • ৱিকিডাটাত সম্পাদনা-২ দিন
  • ৱিকিডাটাৰ লগত ৱিকিপৃষ্ঠাৰ সংযুক্তকৰণ-২ দিন

(৭) ৱিকিমিডিয়াৰ বিভিন্ন প্ৰতিযোগিতাৰ পৰিচয় আৰু পৰৱৰ্তী প্ৰতিযোগিতাত অংশগ্ৰহণৰ নিশ্চিততা-২ দিন
(৮) ৱিকিমিডিয়াত নিজৰ পৰিসংখ্যা, সদস্য পৃষ্ঠা, গোলকীয় অৱদান আদি নিৰীক্ষণ -২ দিন
(৯) ৱিকিপত্ৰিকাৰ পৰিচয়-১ দিন
(১০) সতীৰ্থ ৱিকিমিডিয়ানক পদক, ধন্যবাদ প্ৰদান-১ দিন
(১১) ৱিকিপিডিয়াৰ ছছিয়েল মিডিয়াত গতিবিধি নিৰীক্ষণ-২ দিন
(১২) ৱিকিপিডিয়াৰ অৱদানসমূহ ছছিয়েল মিডিয়াত সময়বিশেষে প্ৰচাৰ, লিংক শ্বেয়াৰ ইত্যাদি-১ দিন
(১৩) ইণ্টাৰনেট আৰ্কাইভৰ পৰিচয়-২ দিন
(১৪) পুৰণি কিতাপৰ খবৰ-বাতৰি সংগ্ৰহ আৰু তেনে এখন কিতাপ ৱিকিকমন্সত আপলোড কৰি ৱিকিউৎসত সূচী তৈয়াৰ-১ দিন
(১৫) অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন সন্মিলন, অংশগ্ৰহণ, কৰ্মশালাৰ পৰিচয়-১ দিন
(১৬) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱিকিসন্মিলন, কৰ্মশালা আদিৰ পৰিচয়-১‌ দিন
(১৭) ৱিকিসভাত অংশগ্ৰহণ নিশ্চিতকৰণ আৰু পৰৱৰ্তী ৱিকিসভাত সক্ৰিয়তা বৃদ্ধিৰ বাবে এটা দায়িত্ব অৰ্পণ-১ দিন
(১৮) আহৰণ কৰা জ্ঞানেৰে ৱিকিপত্ৰিকাত অভিজ্ঞতা বৰ্ণনা আৰু চচিয়েল মিডিয়াত 'মনৰ কথা' শ্বেয়াৰ
(১৯) আগ্ৰহী নতুন সদস্যক ৱিকিমিডিয়াৰ বিষয়ে অৱগত কৰা আৰু অতি কমেও এজন সদস্যক ৱিকিমিডিয়াৰ লগত সংযুক্ত কৰি আৰ্জিত জ্ঞানখিনি ভগাই লোৱা।

আপোনাসৱৰ মন্তব্যৰ বাবে বাট চালোঁ।- ঈশান জ্যোতি বৰা (বাৰ্তা) 00:51, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1.  সমৰ্থনদিব্য দত্ত (বাৰ্তা) 03:35, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন -Pranamikaadhikary (বাৰ্তা) 15:06, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন --JonaliB (বাৰ্তা) 18:53, 29 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য

[সম্পাদনা কৰক]